Posts

নীলা শাৰী

Image
  এখন দুৱাৰে দি সুমুৱাই আহে  এজাক নীলা শাৰীৰ দল  তাৰে ভিতৰৰে এখন নীলা শাৰীয়ে  মোক বৰ কৈ আমনি কৰিছে  বাৰে বাৰে মোৰ চকুহালে  হেজাৰ কেইখন নীলা শাৰীৰ ভিতৰত বিশেষ নীলা শাৰীৰ আচলখন বিচাৰিছে  কৰ পৰা আহিছে এই নীলা শাৰীৰ গৰাকী  ঠিকনা ক'ত কি বিশেষত্ব এই নীলা শীৰাখনত আইৰ চেনেহ নে সেউতীৰ মৰমৰ জাল  কোন এই গৰাকী কিয় মোৰ প্রশ্ন হৈ পৰিছে চিনাকী অচিনাকি অন্যান্য এই নীলা শাৰী  কোন মোৰ এই নীলা শাৰীৰ গৰাকী  কেতিয়াবা সুধিম এই নীলা শাৰীৰ গৰাকীক  ৰহস্য কি আছে কি এই নীলা শাৰীত যি নাই মোৰ প্ৰিয়তমাৰ ৰঙা শাৰীত  কি বিশেষ কি মোহিনীবান কি সুবাস   উফ কি আচৰিত এই নীলা শাৰী।