নীলা শাৰী
এখন দুৱাৰে দি সুমুৱাই আহে
এজাক নীলা শাৰীৰ দল
তাৰে ভিতৰৰে এখন নীলা শাৰীয়ে
মোক বৰ কৈ আমনি কৰিছে
বাৰে বাৰে মোৰ চকুহালে
হেজাৰ কেইখন নীলা শাৰীৰ ভিতৰত
বিশেষ নীলা শাৰীৰ আচলখন বিচাৰিছে
কৰ পৰা আহিছে এই নীলা শাৰীৰ গৰাকী
ঠিকনা ক'ত কি বিশেষত্ব এই নীলা শীৰাখনত
আইৰ চেনেহ নে সেউতীৰ মৰমৰ জাল
কোন এই গৰাকী কিয় মোৰ প্রশ্ন হৈ পৰিছে
চিনাকী অচিনাকি অন্যান্য এই নীলা শাৰী
কোন মোৰ এই নীলা শাৰীৰ গৰাকী
কেতিয়াবা সুধিম এই নীলা শাৰীৰ গৰাকীক
ৰহস্য কি আছে কি এই নীলা শাৰীত
যি নাই মোৰ প্ৰিয়তমাৰ ৰঙা শাৰীত
কি বিশেষ কি মোহিনীবান কি সুবাস
উফ কি আচৰিত এই নীলা শাৰী।